Lachit Borphukan Essay in Assamese 10 Line PDF Summary
Dear devotees, today we are going to upload the Lachit Borphukan Essay in Assamese 10 Line PDF to help you. Bir Lachit Borphukan is a great leader and commander of the 17th century. He was born on 24th November 1622 in Charaideo, Assam, India. He died on 25th April 1672 in Jorhat, Assam.
অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্যযুগৰ শেষৰ ফালে আহোম ৰাজ্য আছিল। বৰ্তমান সময়ত আহোম ৰাজ্য অসম ৰাজ্যত অৱস্থিত। ভাৰতত বীৰ লাচিত বৰফুকন ১৬৭১ চনৰ শৰাইঘাট যুদ্ধত নেতৃত্ব দিয়াৰ বাবে পৰিচিত। ১৬৭২ চনৰ ২৫ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। যদি আপুনি তেওঁৰ বিষয়ে অধিক তথ্য জানিব বিচাৰে তেন্তে এই লেখাটো সম্পূৰ্ণৰূপে পঢ়ক।
Lachit Borphukan Essay in Assamese 10 Line PDF
- পিতৃ মোমাই তামুলী বৰবৰুৱাই লাচিত বৰফুকনক শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত শিক্ষক নিয়োগ কৰিছিল। লাচিত বৰফুকনে তেতিয়াই আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰিছিল। দেশৰ বুৰঞ্জী আৰু শাসনকাৰ্য সম্পৰ্কীয় জ্ঞানো তেওঁ লাভ কৰিছিল।
- ইয়াৰ সমান্তৰালকৈ তেওঁ বিভিন্ন অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল আৰু সকলো ক্ষেত্ৰতে ক্ৰমান্বয়ে পাৰ্গত হৈ উঠিছিল। বৰবৰুৱাৰ পুত্ৰ হিচাপে স্বৰ্গদেউৰ বৰচৰালৈও লাচিতৰ সঘন আহ-জাহ আছিল। ইয়াৰ ফলত ৰাজসভাৰ আদব-কায়দা সমূহো তেওঁ অতি সোনকালেই শিকিছিল।
- লাচিত বৰফুকন সৰুৰে পৰা অতি নিৰ্ভীক, সৎ আৰু স্পষ্টবাদী আছিল। তেওঁৰ পিতৃ আহোম ৰজাৰ বৰবৰুৱা পদবীত থকা বাবে তেওঁ সৰুৰে পৰাই তেওঁৰ পিতৃৰ কাম-কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াসকলৰ সৈতে হোৱা আলোচনাবোৰ প্রত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছিল আৰু এইবোৰৰ পৰা তেওঁ বহুতো জ্ঞান তথা অভিজ্ঞতা আহৰণ কৰিছিল।
- পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক হিচাপে লাচিত বৰফুকনে আহোম ৰাজসভাত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন।
- গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ ‘হাঁচতিধৰা তামুলী’ৰ পদত নিযুক্ত হৈছিল।
- ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে।
- ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিক ভাৱে তত্ত্বাৱধান কৰাই নহয় বহ কেইটা দুর্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।
- ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত।
- শিমলুগুৰিয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে। দোলাকাষৰীয়া বৰুৱা হিচাপে নিযুক্তি লাভ কৰা লাচিত বৰফুকনৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালিপহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা।
Here you can download the Lachit Borphukan Essay in Assamese 10 Line PDF by click on the link below.