5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা PDF Assamese

5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা Assamese PDF Download

Free download PDF of 5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা Assamese using the direct link provided at the bottom of the PDF description.

DMCA / REPORT COPYRIGHT

5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা Assamese - Description

Dear readers, here we are offering 5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা PDF to all of you. প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আদিৰ দৰে পাৰিপাৰ্শ্বিক সমস্যাই মানুহক তেওঁলোকৰ জীৱনশৈলী পুনৰ বিবেচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছে আৰু এতিয়া পৰিৱেশ সুৰক্ষা আৰু পৰিৱেশ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ। আজিৰ যুগত, পৰিৱেশ প্ৰদূষণ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্ধিত জনসংখ্যা আৰু ডাঙৰ অট্টালিকাৰ বাবে পৰিৱেশৰ প্ৰকৃতি ধ্বংস হৈ গৈ আছে।

সকলো ঠাইতে ঘন গছ কাটি ডাঙৰ অট্টালিকা নিৰ্মাণ কৰাটো পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতি বিশ্বাসঘাতকতা তথা প্ৰকৃতিৰ ধ্বংসলীলা। কেৱল সেয়াই নহয়, য’ত যানবাহনৰ ধোঁৱা, যন্ত্ৰৰ শব্দ, বেয়া ৰাসায়নিক পানী আদিৰ ফলত বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, শব্দ প্ৰদূষণ সংঘটিত হৈছে। যাৰ বাবে আমি বহুতো ৰোগৰ সন্মুখীন হৈছো। সেয়েহে, আমি সাধাৰণ ৰাইজ আৰু জ্ঞানী পঢ়ুৱৈসকলক পৰিৱেশ সংকটৰ বিষয়টোৰ বিষয়ে অৱগত কৰি সজাগ তথা সচেতন কৰি তুলিব লাগিব।

5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা PDF

বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ কিছু কৰণীয় কাম
বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে প্রতি বছৰে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আরু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আপুনি জাননে বাৰু পৰিৱেশ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১৫ নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে। বিশ্বৰ ১০৮ কোটি মানুহৰ বায়ু প্রদূষণৰ ফলত মৃত্যু ঘটে।
বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নেপাই আৰু মৃত্যুবৰণ কৰে। কিন্ত আমি বাৰু আজিৰ সমাজ-পৰিৱেশক লৈ কিমান সচেতন। গোটেই বিশ্বৰে অকল ৫ জুন তাৰিখেহে মনত পৰে নেকি পৰিৱেশৰ প্রতি প্রেম। বিশ্ব পৰিৱেশ দিৱস হিচাপে প্রতি বছৰে বিশ্ব আন্ত-জাতিক ৰাষ্ট্রীয় সংগঠনে এটা বিষয় প্রসঙ্গ ৰাখে আৰু এই বিষয় প্রসঙ্গ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰনৰ অনুষ্ঠান পতা হয়। বিশ্ব পৰিবেশ দিৱস সংহতি ৰাখি ২০১৫ বর্ষৰ বিষয় প্রসঙ্গ হৈছে ভাবক, খাওক আৰু বচাওক। পোন প্রথমে ভাবক বর্তমান আমি কি কৰি আছো আৰু কিদৰে প্রকৃতিক অনিষ্ট কৰি আছো। তাৰ বাবে সকলো মানুহ সমানেই দায়ী। সময় আহিল ভাবিবৰ কিদৰে পৰিবেশ সংৰক্ষন কৰি ৰাখো। দ্বিতীয়তে, নিয়মিত আরু সীমিত ভাবে খাওক। বাঢ়ি অহা কার্বন-ডাই-অঙ্কাইড গেছৰ পৰিমান কমাই আনা আরু পৰিবেশ দুষিত নকৰা সামগ্রী ব্যৱহাৰ কৰা।
ইয়াৰ লগতে নিজৰ ঠাইত উৎপাদন কৰা বশ্ত ব্যৱহাৰ কৰা যাতে নিজৰ কৃষকসকল আর্থিক ভাবে লাভবান হয়। তৃতীয়তে পৰিবেশ বচাই ৰখাটো আমাৰ সকলোৰ দায়িত্ব। অলপ হলেও সঞ্চিত ৰখাটো আমাৰ বহু প্রয়োজনীয়। আমি দিনে বহু খাদ্য অযথা নষ্ট কৰি পেলাই দিও যত নেকি আমাৰ দেশত খাবলৈ নেপাই হাজাৰ হাজাৰ মানুহ মৃত্যু বৰন কৰে। গতিকে বচাই ৰাখি খোৱাটো আমাৰ বহু প্রয়োজনীয়। আপুনি অলপ কৰিও পৰিবেশ বচাই ৰাখিব পাৰে। মাথো লাগে অলপ চেষ্টা আরু সচেতনতা। পোন প্রথমে প্রশ্ন আহে আচলতে আপুনিনো পৰিবেশক লৈ কিমান খিনি সচেতনতা আছে।
আজিৰ যান্ত্রিক যুগত পইচাৰ পিছত দৌৰি থাকোতে জানো পৰিবেশ বিষয়ক চিন্তা-চর্চা কৰিবলৈ সময় আছে। কিন্ত বছৰটো ঘৰৰ ভিতৰত থাকিও আপুনি পৰিবেশ তন্ত্রৰ ভাৰসাম্যতা বজাই ৰাখিব পাৰে। ইমান দিনে ঘৰতে থাকি অযথা বহত খাদ্য নষ্ট কৰে কিন্ত এই খন দেশতে হেজাৰ হেজাৰ মানুহ খাবলৈ নেপাই মৃত্যুমুখত পৰে। গতিকে এক সীমিত পৰিমাণ খাই খাদ্য শংখল ধৰি ৰাখিব পাৰে। ঘৰৰ পিছফালে, ঘৰৰ চাঁদৰ ওপৰত আরু আগফালে খালী হৈ থকা মাটীখিনিত আপুনি সৰু-সৰা বাগিচা বনাব পাৰে। এই বাগিচাত আপুনি ফুলৰপৰা আদি কৰি ফল-মূল, মছলা জাতীয় গছ লগাব পাৰে। এই বাগিচাই পৰিবেশ সুস্তিৰ কৰাৰ লগতে খাদ্য প্রদান কৰিব। দৈনিক-দিনে বজাৰৰপৰা চবজি কিনি আনো আরু তাৰ পৰা খাদ্য বনাও।
খাদ্য বনাওতে অযথা আমি বহু নষ্ট কৰো বা অলাগতিয়াল অংশখিনি ঘৰৰ নল-নর্দমাত পেলাই দিও। কিন্ত আমি তাকে নকৰি পেলনীয় বশ্তখিনি গোটাই এটা পাত্রত জমা কৰি ৰাখিব পাৰে। এটা সময়ত পচিব আরু এইখিনি উওম সাৰ হিচাবে বাগিচাত ব্যৱহাৰ কৰিব পাৰে। এইখিনি কৰিলে পৰিবেশ দুষিত কৰাৰপৰা বিৰত ৰাখিও পৰিবেশ জৈৱিক কৰি তোলিব পাৰে। নিতৌ বজাৰ কৰিব যাত্ততে পৰাপক্ষত মোনা লৈ যাওক যাতে প্লাষ্টিক জাতীয় বস্তুৰ ব্যৱহাৰ কমাই দিব পাৰো। যিহেতু এই প্লাষ্টিক জাতীয় সামগ্রী বোৰ মাটীৰ লগত পচি নেযায়। গতিকে যিমান পাৰি এই প্লাষ্টিক জাতীয় সামগ্রী ব্যৱহাৰ কৰাৰপৰা বিৰত থাকক।
আপুনি বাৰু আহিবলগীয়া প্রজন্মৰ বাবে অলপ কিছু কিবা এটা হলেও কৰিবলৈ মন যাই নে? এক সমীক্ষা মতে ২০৫০ চনত গোটেই বিশ্বত খোৱা পানীৰ অভাৱ ঘটিব আরু পানীৰ বাবে হাহাকাৰ অবশ্তাৰ সৃষ্টি হব। প্রায়ভাগ সকলোৰ ঘৰতে পানী জদে-মদে ব্যৱহাৰ কৰি অযথা নষ্ট কৰে। কিন্ত তাকে নকৰি এতিয়াৰপৰা আমি নিয়মিত আরু সীমিতভাবে ব্যৱহাৰ কৰি দূৰ ভৱিষ্যতে আহিবলগীয়া বিপদৰপৰা বচাই ৰাখিব পাৰো। অকল মিটিং এখন পাতিয়েই যে পৰিবেশ সজাগতা আনিব পাৰে ঠিক তেনেকুৱা নহয়।
দেওবাৰৰ দিনটো নহলে আবেলিৰ চাহ একাপৰ সৈতে গপচপ মৰাৰ অভ্যাস আছে তেন্তে আপুনি এই পৰিবেশত পৰিবেশ জাতীয় বিষয় লৈ আলাপ-আলোচনা কৰিব পাৰে। আজিৰ যুগত আটাইতকৈ উত্তম উপাই হৈছে ছচিয়েল নেটৱর্কবোৰ যি এতিয়া প্রতিজন মানুহৰ প্রিয়। আপুনি যি কোনো পৰিবেশৰ লগত সংগতি থকা বিষয় শ্বেয়াৰ কৰিব পাৰে আপোনাৰ বন্ধু বান্ধবীক আৰু এক নতুন সজাগতা সৃষ্টি কৰিব পাৰে। বহুতে ভাবিব ইমান সৰু-সৰা কাম। কি ডাঙৰ কথাটো হল ইমান বহলাই লেখিবলৈ। কিন্ত কিমান জন মানুহে নিজৰ বুলি এই সৰু কামখিনি কৰিছে?
লীলাকান্ত পায়েং
You can download 5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা PDF by clicking on the following download button.

Download 5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা PDF using below link

REPORT THISIf the download link of 5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If 5 জুন বিশ্ব পৰিবেশ দিৱস ৰচনা is a copyright material Report This by sending a mail at [email protected]. We will not be providing the file or link of a reported PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published. Required fields are marked *